9 সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
যাকোবেও লক্ষ্য কৰিলে যে তেওঁৰ প্রতি লাবনৰ আগৰ সেই মনোভাৱ সলনি হৈছে।
ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে?
তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।
যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
আপোনালোকে চয়তানক সুযোগ নিদিব।
হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।