24 যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।
এজনৰ ভয় প্রদৰ্শনত এক হাজাৰ জন পলাই যাব, আৰু পাঁচজনৰ ভয় প্রদৰ্শনত তোমালোক পলাবা; যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্ব্বতৰ টিঙত থকা পতাকা দণ্ড, আৰু পৰ্ব্বতৰ ওপৰত থকা পতাকাৰ দৰে হ’ব।”
সেই সময়ত অৰামে ইফ্ৰয়িমৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল।
যেতিয়া পলেষ্টীয়াজনে কোৱা কথা চৌল আৰু ইস্ৰায়েলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ’ল আৰু অতিশয় ভয়াতুৰ হ’ল।
এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”
আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
আৰু তেওঁলোকৰ লগত কথা পাতি থাকোতেই গাত নিবাসী গলিয়াথ নামৰ পলেষ্টীয়া মহাবীৰজন ফিলিষ্টীয়াসকলৰ সৈন্যবাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱা দৰেই কথা ক’বলৈ ধৰিলে। তাতে দায়ূদে সেই কথা শুনিবলৈ পালে।
আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”