Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 16:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 এই হেতুকে আমাৰ প্ৰভুৱে আপোনাৰ আগত থকা দাসবোৰক এজন নিপূণ বীণা বজাওঁতা বিচাৰিবলৈ আজ্ঞা কৰক; পাছত যি সময়ত ঈশ্বৰৰ পৰা অহা সেই আত্মাই আপোনাক ধৰিব সেই সময়ত সেই মানুহে হাতেৰে বীণা বজালে আপুনি উপশম পাব।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 16:16
10 পৰস্পৰ সংযোগসমূহ  

কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।


আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।


যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।


তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।


তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।


যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।


তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।


চৌলৰ দাসবোৰে তেওঁক ক’লে, “চাওক, ঈশ্বৰৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আপোনাক ব্যাকুল কৰিছে।


তেতিয়া চৌলে তেওঁৰ দাসবোৰক আজ্ঞা কৰিলে, “ভালকৈ বীণা বজাব পৰা এজন লোক বিচাৰি যোৱা আৰু মোৰ ওচৰলৈ আনা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন