Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 চমূ 15:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 15:30
10 পৰস্পৰ সংযোগসমূহ  

তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।


তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।


যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।


চোৱা! মানুহৰ আত্মা অহংকাৰী হয়, আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।


কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।


আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা গ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?


তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।


সেয়ে চমূৱেলে চৌলৰ পাছত ঘুৰি গ’ল, আৰু চৌলে যিহোৱাৰ প্ৰশংসা কৰিলে।


তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন