Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 14:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 14:3
9 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল।


তেওঁ সন্তানটিৰ নাম ঈখাবোদ ৰাখিলে আৰু ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল।” তেওঁৰ শহুৰ আৰু স্ৱামীৰ বাবেই ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে৷


তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?


এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।


তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”


সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;


সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পীনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন