Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 14:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 14:24
19 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”


ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।


কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷


তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।


তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।


“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!


পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।


তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।”


মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।


এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব;


তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল।


কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।


তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।


বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই সেই বিষয়ে ভাল কাৰ্যই হওঁক বা বেয়া কাৰ্যই হওঁক, কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে, আগলৈ কি হব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে, সেই সেই বিষয়ত তেওঁ দোষী হব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন