Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 14:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 14:18
13 পৰস্পৰ সংযোগসমূহ  

তাতে ঊৰিয়াই দায়ূদক ক’লে, “নিয়ম চন্দুকটি, ইস্ৰায়েলসকল আৰু যিহূদা তম্বুত বাস কৰি আছে আৰু মোৰ প্ৰভু যোৱাব আৰু মোৰ প্ৰভুৰ দাসবোৰ মুকলি পথাৰত ছাউনি পাতি আছে৷ তেন্তে মই জানো ভোজন-পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ? আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰো।”


তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ’ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে।


তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে।


ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”


পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”


তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”


তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে।


তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”


দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন