15 তাৰ পাছত চমূৱেলে তাৰ পৰা উঠিল আৰু গিলগলৰ পৰা বিন্যামীনৰ গেবালৈ গ’ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকসকলক গণনা কৰি প্ৰায় ছশ লোক পালে।
সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,
চৌলে ইস্ৰায়েলৰ মাজৰ পৰা তিনি হাজাৰ সৈন্য মনোনীত কৰিলে; তাৰে দুই হাজাৰ সৈন্য মিকমচত আৰু বৈৎএল পৰ্বতত চৌলৰ লগত থাকিল, একহাজাৰ বিন্যামীন প্ৰদেশৰ গিবিয়াত যোনাথনৰ লগত থাকিল, আৰু আনসকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে।
চমূৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল। কিন্তু চমূৱেলক এই কথা কোৱা হ’ল, “চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয়স্তম্ভ স্থাপন কৰিলে, আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ’ল।”