Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 11:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 যেতিয়া তেওঁ বেজকত লোক সকলৰ গণনা কৰিলে তেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ তিনি লাখ আৰু যিহূদাৰ ত্ৰিশ হাজাৰ লোক পোৱা গ’ল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 11:8
8 পৰস্পৰ সংযোগসমূহ  

পাছত যোৱাবে গণনা কৰা লোকসকলৰ সংখ্যা ৰজাৰ ওচৰত আনি দিলে; তাৰ মুঠ, ইস্ৰায়েলৰ তৰোৱাল ধৰোঁতা আঠ লাখ বলৱান লোক, আৰু যিহূদাৰ পাঁচ লাখ লোক।


চৌলে লোকসকলক মাতি আনিলে আৰু টলায়ীমত তেওঁলোকক গণনা কৰিলে; তাতে দুই লাখ পদাতিক আৰু যিহূদাৰ দহ হাজাৰ লোক হ’ল।


তাৰ পাছত চমূৱেলে তাৰ পৰা উঠিল আৰু গিলগলৰ পৰা বিন্যামীনৰ গেবালৈ গ’ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকসকলক গণনা কৰি প্ৰায় ছশ লোক পালে।


লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।


তালৈ অহা বার্তাবাহকক তেওঁলোকে ক’লে, “তোমালোকে গৈ যাবেচ-গিলিয়দৰ লোকসকলক এই কথা ক’বা, ‘কাইলৈ সূর্যৰ প্ৰখৰ ৰ’দ হোৱাৰ সময়ত তোমালোকক উদ্ধাৰ কৰা হ’ব’।” পাছত বার্তাবহকে যাবেচৰ লোকসকলক সেই কথা কোৱাত, তেওঁলোক আনন্দিত হ’ল।


সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন