Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 11:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 তেওঁ বলধ গৰুৰ পৰা যুৱঁলী ডাল আতৰালে আৰু ডোখৰ ডোখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইস্ৰায়েল দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক’লে, “যিসকলে চৌল আৰু চমূৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলধ গৰুবোৰলৈকো এইদৰে কৰা হ’ব।” তাতে যিহোৱাৰ ভয়ত লোক সকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 11:7
8 পৰস্পৰ সংযোগসমূহ  

যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে।


পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।


তেতিয়া যিহূদাৰ চাৰিওফালে থকা দেশৰ সকলো ৰাজ্যৰ ৰাজতন্ত্ৰত যিহোৱাৰ পৰা এনে প্ৰচণ্ড ভয় হ’ল যে তেওঁলোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ নকৰিলে।


তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।


পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।


এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”


তোমালোকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন