Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 কৰি 9:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই, আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰোঁ৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল।

অধ্যায়টো চাওক কপি কৰক




1 কৰি 9:15
14 পৰস্পৰ সংযোগসমূহ  

মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।


তেওঁলোক যিহেতু ব্যৱসায়ত পৌলৰ দৰে তম্বু বনোৱা লোক আছিল, সেয়েহে পৌলে তেওঁলোকৰ লগতে থাকি কাম কৰিবলৈ ধৰিলে।


কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।


মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।


মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে।


কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে।


আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;


যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷


তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷


ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।


মূল্য নিদিয়াকৈ আমি কাৰো আহাৰ গ্ৰহণ কৰা নাছিলোঁ। ইয়াৰ পৰিৱর্তে আমি আপোনালোকৰ ওপৰত বোজা নহবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম আৰু কষ্টেৰে কাম কৰিছিলোঁ৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন