Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 কৰি 7:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।

অধ্যায়টো চাওক কপি কৰক




1 কৰি 7:18
8 পৰস্পৰ সংযোগসমূহ  

কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”


কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:


আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।


এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।


এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷


কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন