Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 কৰি 6:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 আপোনালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্রমাণ হয় যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হবলৈ কিয় নিদিয়ে?

অধ্যায়টো চাওক কপি কৰক




1 কৰি 6:7
12 পৰস্পৰ সংযোগসমূহ  

এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব।


অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।


সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।


কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা।


তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।


তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।


তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন