Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 কৰি 16:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷

অধ্যায়টো চাওক কপি কৰক




1 কৰি 16:10
11 পৰস্পৰ সংযোগসমূহ  

এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।


সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,


এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।


মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া, যাচোন আৰু চোচিপাত্ৰ, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে।


আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।


আৰু সেয়ে, আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷


ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীচুৰ পাঁচনি পৌল, আৰু তীমথিয় ভাই - কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ:


কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।


তাতে তেওঁৰ পৰিচর্যা কৰা সকলৰ মাজৰ তীমথিয় আৰু ইৰাস্তচ, এই দুজনক মাকিদনিয়ালৈ পঠিয়াই দি তেওঁ নিজে এচিয়া দেশত কিছুদিন থাকিল।


তাৰ পাছত পৌল দর্বী আৰু লুস্ত্ৰা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী যিহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন