46 তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো;
কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়।
এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।