Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 কৰি 12:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে।

অধ্যায়টো চাওক কপি কৰক




1 কৰি 12:28
23 পৰস্পৰ সংযোগসমূহ  

কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে।


সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।


আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।


আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।


যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।


এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।


আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।


পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব।


তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়


সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,


এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;


সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷


সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে?


সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে?


কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।


যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে।


আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন