Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 কৰি 12:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে।

অধ্যায়টো চাওক কপি কৰক




1 কৰি 12:18
18 পৰস্পৰ সংযোগসমূহ  

যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।


আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।


মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”


এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “আমি আপোনাক বিনয় কৰোঁ, হে যিহোৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ’বলৈ নিদিব আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব; কিয়নো হে যিহোৱা, আপুনিও আপোনাৰ ইচ্ছামতে কার্য কৰিছে।”


সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”


হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।


কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।


কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷


কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ-বাঁটি দি, সেই সকলোকে সাধন কৰিছে।


গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন?


নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হ’লে, তেনেহলে শৰীৰ ক’ত হ’লহেঁতেন?


আৰু আমাৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই।


আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে।


কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।


তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;


ঈশ্বৰে প্রেমৰ দ্বাৰাই পূর্বৰে পৰা আমাক যীচু খ্রীষ্টৰ মাধ্যমেদি নিজৰ তোলনীয়া সন্তান ৰূপে নিৰূপণ কৰিলে। এই কার্য ঈশ্বৰে আনন্দেৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে।


খ্রীষ্টত কার্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্রকাশ কৰিলে।


“হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন