16 আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়।
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দূৰ্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয়
ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷
ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়।
গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন?