Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 কৰি 11:34 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

34 আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম।

অধ্যায়টো চাওক কপি কৰক




1 কৰি 11:34
9 পৰস্পৰ সংযোগসমূহ  

প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।


কিন্তু প্ৰভুৰ ইচ্ছা হ’লে, মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম; তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে, তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম।


অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।


সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷


কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।


এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসী পুত্ৰ; তেওঁ আপোনালোকক খ্রীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ সোঁৱৰাই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ।


এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব


পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন