29 দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়?
যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷
কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।
তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়
সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
“প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।
মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?