তোমালোকৰ বাবে ভাবকচোন, যীচু ঈশ্বৰৰ অৱতাৰ আছিল, মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈকে। তেওঁৰ মৃত্যুৱে তেওঁৰ উদ্দেশ্য সফল হোৱাত বাধা দিব নোৱাৰিলে। সেই সময়ত ক্ৰুচবিদ্ধ কৰাটো আছিল অতি নিকৃষ্ট অপৰাধীসকলৰ বাবে, আৰু শাস্তিও অতি কঠোৰ আৰু নিষ্ঠুৰ আছিল। যীচুৰ মৃত্যু অতি যন্ত্ৰণাদায়ক আৰু অপমানজনক আছিল। কিন্তু সেই ভয়ানক ঘটনাৰ মাজতো কিছুমান আচৰিত ঘটনা ঘটিছিল যিবোৰে স্পষ্ট কৰি দিছিল যে যীচু সাধাৰণ মানুহ নাছিল, তেওঁ স্বয়ং ঈশ্বৰ আছিল।
আমি বহুতে তেওঁৰ ত্যাগৰ মহত্ব বুজিবলৈ আৰু উপলব্ধি কৰিবলৈ সংবেদনশীলতা হেৰুৱাই পেলাইছো। সেয়েহে আমি ঈশ্বৰৰ আত্মাক প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁৰ অসীম প্ৰেম আমাক প্ৰকাশ কৰে। তেতিয়াহে আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিব আৰু যীচুৱে আমাৰ বাবে যি কৰিলে, তাৰ মূল্য বুজি পাম। আমি এনে প্ৰেমৰ যোগ্য নাছিলোঁ তথাপিও তেওঁ নিজকে সম্পূৰ্ণৰূপে আমাৰ বাবে উছৰ্গা কৰিলে যাতে আজি আমি মুক্ত জীৱন যাপন কৰিব পাৰো।
তুমি য'তেই আছা, চকু মুদি যীচুক প্ৰণাম কৰা, তোমাক তোমাৰ পাপৰ পৰা মুক্ত কৰি তেওঁৰ অসীম দয়া দেখুওৱাৰ বাবে।
পাছত মূৰৰ লাউখোলা নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে।
পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷”
তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, ‘এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ’।
তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল।
তাতে যি সকলে সেই বাটেদি অহা-যোৱা কৰিছিল, সেই বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি, নিন্দা কৰি ক’লে,
তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে। কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।”
আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”?
আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
“হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা”।
“তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।
তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভালপায়, তেনেহলে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল ‘ময়েই ঈশ্বৰৰ পুত্ৰ’।”
তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।
পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল’লে।
পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।
আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?”
আৰু লোক সকলে থিয় হৈ চাই থাকোতে শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।”
আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷”
পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ল’লে৷. ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে, “মোৰ পিয়াহ লাগিছে”।
সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল; তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচোব এডালত লগাই, তেওঁৰ মুখত দিলে।
সেইদিন আয়োজনদিন হোৱাত, বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে, (সেই বিশ্ৰামবাৰ দিনটো এটা বিশেষ দিন বা বৰ-দিন আছিল, কিয়নো সেইদিনা নিস্তাৰপৰ্বৰ দিনো আছিল), এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে ইহুদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে।
তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে;
সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো;
বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ।
কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
কিন্তু খ্ৰীষ্টে হ’লে, একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল৷
আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”। পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা; কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
পাছত ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকলে যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে; অাৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে’, এই বচন সিদ্ধ হ’ল। পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি ইহুদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক ক’লে, ‘ঠিক তুমিয়েই কৈছা’। কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে। তেতিয়া পীলাতে তেওঁক ক’লে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’? কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত লোক সকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেশাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে, তেওঁৰ এনে দস্তুৰ আছিল। সেই সময়ত বাৰাব্বা নামেৰে এজন কুখ্যাত কাৰাবন্দী আছিল। তাতে তেওঁলোক গোট খোৱাত, পীলাতে তেওঁলোকক সুধিলে, ‘মই তোমালোকলৈ কোন জনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰাব্বাক নে খ্ৰীষ্ট বোলা যীচুক’? কিয়নো তেওঁলোকে যে অসুয়া কৰি যীচুক শোধাই দিছিল, সেই কথা তেওঁ জানিছিল। পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’। তেওঁক বান্ধিলে আৰু পীলাত নামেৰে দেশাধিপতিৰ হাতত শোধাই দিলে।
পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি ইহুদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক ক’লে, ‘ঠিক তুমিয়েই কৈছা’।
কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে। তেতিয়া পীলাতে তেওঁক ক’লে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’? কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।
কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?” তেতিয়া যীচুৱে ক’লে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা।”
পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে; আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?” আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে।
ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷ আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল। পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে। সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷ পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷ আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ। হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই। এই হেতুকে এওঁক শাস্তি দি এৰি দিম।” সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল। কিন্তু সকলোৱে একেলগে আটাহ পাৰি ক’লে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।” সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল। তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”
পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷ আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ। হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই।
ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
তেতিয়া পীলাতে তেওঁক ক’লে, “তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?”
যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।”
কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।
আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল।
তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।
সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলোঁ।
আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়, কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।
এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
আৰু তেওঁ ক’লে, “মানুহৰ পুত্ৰই অনেক দুখ ভোগ কৰিব লাগিব আৰু পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ দ্বাৰাই তেওঁ অগ্ৰাহ্য আৰু হত হৈ তৃতীয় দিনা উত্থিত হব লাগিব।”