তোমালোকক ঈশ্বৰে আজ্ঞা দিছে, আৰু পঞ্চম আজ্ঞাটো হৈছে, "তুমি নৰবধ নকৰিবা" (যাত্ৰাপুস্তক ২০:১৩)। জীৱন লোৱাটো পাপ বুলি গণ্য কৰা হয়, কিয়নো ঈশ্বৰে আমাক আমাৰ চুবুৰীয়া মানুহক ভাল পাবলৈ আৰু ক্ষমা কৰিবলৈ আহ্বান জনাইছে। ঈশ্বৰে আমাৰ সকলো দোষ ক্ষমা কৰে আৰু আমাক নতুন সুযোগ দিয়ে, তেন্তে আমি কোন যে ক্ষমা কৰিবলৈ অস্বীকাৰ কৰিম? বিশ্বাস কৰা যে ঈশ্বৰে তোমাৰ ৰক্ষা কৰিব। তেওঁ তোমাক ভাল পায় আৰু তোমাৰ পৰা প্ৰতিশোধৰ যিকোনো ইচ্ছা দূৰ কৰিব বিচাৰে, তোমাৰ পৰা ক্ষতি কৰাৰ সকলো ভাৱনা দূৰ কৰিব বিচাৰে। ঈশ্বৰক প্ৰাৰ্থনা কৰা যাতে তেওঁ তোমাক সহায় কৰে, তোমাৰ বাবে যুঁজ দিয়ে আৰু তোমাৰ পৰিস্থিতি যিয়েই নহওঁক তোমাক জয় প্ৰদান কৰে, কিয়নো তোমাৰ ভিতৰত এনে ইচ্ছা পুহি ৰখাটোৱে তোমাৰ আত্মাক নৰকত চিৰকাল থকাৰ পৰা ৰক্ষা নকৰিব। আজি ঈশ্বৰৰ ওচৰলৈ উভতি আহা, সম্পূৰ্ণ হৃদয়েৰে অনুতপ্ত হোৱা আৰু যিটোৱে তোমাক ইমান অশান্তি দি আছে সেইটো তেওঁক অৰ্পণ কৰা। তেওঁৰ ইচ্ছা পূৰ্ণ হওঁক, তোমাৰ নহয়, এইটো প্ৰাৰ্থনা কৰা, ন্যায় তোমাৰ হাতত নলবা। শত্ৰুৰ কণ্ঠস্বৰ নিৰৱ কৰা, যি জনে তোমাক অন্যায় কাম কৰিবলৈ প্ৰৰোচিত কৰে। অন্যায়ক তোমাক নিয়ন্ত্ৰণ কৰিবলৈ নিদিবা, বৰঞ্চ অন্যায়ক ভাল কামেৰে জয় কৰা, এইদৰে তুমি যীচুৰ দৃষ্টিত অনুগ্ৰহ পাবা আৰু পৃথিৱীত ধাৰ্মিক বুলি গণ্য হ'বা। মই জানো যে ই বেদনাদায়ক হ'ব পাৰে, আনকি অতি কষ্টদায়কও হ'ব পাৰে, কিন্তু অনুগ্ৰহ কৰি পবিত্ৰ আত্মাক তোমাৰ মাজত গৌৰৱান্বিত হ'বলৈ দিয়া। আজি মই তোমাক মুক্ত হ'বলৈ আৰু সহায় গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো যাতে তুমি এনে কামত লিপ্ত নহোৱা, যাৰ পৰিণতি পিছত বহুত বেছি হ'ব। খ্ৰীষ্টই তোমাৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰি তোমাক যি স্বাধীনতা দিছে, সেই স্বাধীনতা ৰক্ষা কৰা আৰু চয়তানৰ দুষ্ট জালত নপৰিবা। যীচুক প্ৰাৰ্থনা কৰা যাতে তেওঁ তোমাৰ জীৱনত হস্তক্ষেপ কৰে আৰু তেওঁৰ সৈতে খোজ কঢ়া, তেওঁৰ হাততে তোমাৰ নিশ্চিত বিজয় আছে।
তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী,
কিয়নো যিজন ঈশ্ৱৰ হয়, তেওঁ কৈছে, “তুমি ব্যভিচাৰ নকৰিবা”, সেইজন ঈশ্ৱৰেই পুনৰ কৈছিল, “তুমি নৰ-বধ নকৰিবা৷” এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰে, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হ’ল। যি সকল লোকৰ সোধ-বিচাৰ হ’ব, সেয়া স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ’ব; আপোনালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷
মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে তুমি নৰ-বধ নকৰিবা আৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব।
চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
কোনো মানুহে যদি কোনো মানুহক মাৰোতে তেওঁৰ মৃত্যু হয়; তেনেহ’লে সেই ব্যক্তিৰ অৱেশ্যে প্ৰাণদণ্ড হ’ব।
কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
যদি কোনো মানুহ আনৰ ৰক্তপাতত দোষীসাব্যস্ত হয়, তেওঁ মৃত্যুলৈকে পলাই ফুৰে; আৰু কোনেও তেওঁক সহায় নকৰে।
কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি তেওঁ পলাই যায়, তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰীজনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব। আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব। কিন্তু, তাৰ পৰিবর্তে আপোনালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাব। তাতে আপোনালোকৰ মঙ্গল হ’ব।
কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহবধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব। নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব। নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।
তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে তুমি নৰ-বধ নকৰিবা আৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব। কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।
ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম।
এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে। এই হেতুকে, তোমালোকে নিবাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ, সেই দেশ তোমালোকে অশুচি নকৰিবা; কিয়নো মই যিহোৱাই ইস্ৰায়েলৰ মাজত বাস কৰোঁ’।”
তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”
যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে।
যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’। কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
পুৰুষসকলে ইজনে সিজনৰ লগত বিবাদ কৰোঁতে যদি কোনো গৰ্ভৱতী মহিলাই আঘাত পাই তেওঁৰ গৰ্ভপাত হয়, কিন্তু তেওঁৰ যদি আন কোনো ঠাইত আঘাত নহয়, তেনেহ’লে দোষী পুৰুষজনে জৰিমনা দিব লাগিব। সেই মহিলাৰ স্বামীয়ে যদি তেওঁৰ পৰা জৰিমনা বিচাৰে, তেনেহ’লে বিচাৰকৰ্ত্তাসকলে নিৰূপন কৰা অনুসাৰে জৰিমনা দিব লাগিব। কিন্তু যদি গভীৰ আঘাত হয়, তেনেহ’লে প্ৰাণৰ সলনি প্ৰাণ,
বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা। মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো। যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল। তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷ যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক। হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব। যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হ’ব। তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল। তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা। তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম। মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু মই তোমালোকক তৰোৱালেৰে বধ কৰিম। তোমালোকৰ ভাৰ্যাসকল বিধৱা, আৰু সন্তান সকল পিতৃহীন হ’ব। তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা। তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব। কাৰণ সেই কাপোৰখন তেওঁৰ একমাত্র গা ঢকা কাপোৰ; সেই খন নহ’লে তেওঁ কিহত শুব? তেওঁ যেতিয়া মোৰ আগত কাতৰোক্তি কৰিব, তেতিয়া মই তেওঁৰ কাতৰোক্তি শুনিম; কাৰণ মই দয়ালু। তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা। তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব। কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব। চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব।
কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা। যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
ঈশ্বৰে এই সকলো কথা ক’লে: কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা। কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ। তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা। নৰ-বধ নকৰিবা। কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা। কাৰো পৰা চুৰ নকৰিবা। তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা। তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
যিহোৱাই মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ কাৰণে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া। কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব।
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে। নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা, ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।
হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে, যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব; তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল।
“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”। কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।
আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;