“তোমালোকে বলৱন্ত আৰু সাহসিয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্য সমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান। তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,
মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম।
ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।
যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে।
ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
জহজীয়েলে ক’লে, “হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোক সমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰণ হ’ব।
যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।
এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।
তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা। ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা। কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ। ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান। কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে? ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়। তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়। তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷ তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে। তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল। মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ। মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল। প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে। তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”
তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা। অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।
যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
তুমি মোৰ গুপ্তস্থান; তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা; মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)
আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
সেয়ে লোকসকলে পশ্চিম দিশৰ পৰা যিহোৱাৰ নামলৈ, আৰু সূৰ্য উদয় হোৱা ফালৰ পৰা তেওঁৰ প্ৰতাপলৈ ভয় কৰিব; যেতিয়া শত্রু প্লাৱনৰ দৰে আহিব, তেতিয়া যিহোৱাৰ আত্মা ধ্বজাৰ দৰে তাৰ বিৰুদ্ধে থাকিব।
তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব। তুমি আকস্মিক বিপদলৈ বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা। কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”