এই পৃথিৱীৰ ক্ষণস্থায়ী সম্পত্তিৰ কথা নাভাবি, এনে এটা সম্পত্তি আছে যি কালৰ সোঁতত নষ্ট নহয়, যি সকলো পৰিস্থিতিতে অটল থাকে। ঈশ্বৰৰ পৰা অহা সেই সম্পত্তি চিৰন্তন, যি তোমাৰ বাহ্যিক সম্পদৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ তোমাৰ ভিতৰুৱা মানুহজনৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰে নিশ্চয় তোমাৰ সকলো ক্ষেত্ৰতে উন্নতি কামনা কৰে, কিন্তু সেয়া তোমাৰ আত্মাৰ উন্নতিৰ লগে লগে ঘটে, অৰ্থাৎ, তুমি যেতিয়াই তোমাৰ ভয় আৰু সংকট অতিক্ৰম কৰা, মানুহ হিচাপে তুমি বিকশিত হোৱা আৰু দিনক দিনে উন্নত হোৱা।
যিহোচূৱা ১.৮: এই ব্যৱস্থা-পুস্তকখন তুমি কেতিয়াও পঢ়িবলৈ এৰি নিদিবা; দিনে-ৰাতিয়ে তাৰ বিষয়ে ধ্যান কৰিবা, যাতে তাত লিখা সকলো কথা পালন কৰিবা; কাৰণ তেতিয়া তোমাৰ পথ শুভ হ’ব, আৰু তুমি সফল হ’বা। অনেক মানুহ ঈশ্বৰক অন্তৰত নাৰাখিও উন্নতি কৰে, কিন্তু তেওঁলোকে সেই উন্নতিৰ সুখ নাপায়, কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্যত ধ্যান নকৰে। তেওঁলোকে ঈশ্বৰৰ আজ্ঞা আৰু বিধিৰ পৰা আঁতৰি থাকি ভাল পায়। শেষত, তেওঁলোক কেৱল ভাল সময় কটাইছে, কিন্তু স্বাধীনভাৱে জীৱন যাপনৰ সুখ নাপায়। ঈশ্বৰে নিবিচাৰে যে তেওঁৰ সন্তানসকলে এনেকুৱা অৱস্থাৰ মাজেৰে যাওক, সেয়েহে তোমাক সম্পন্ন কৰাৰ আগতে তোমাক গঢ়ি তুলিব, যাতে ধনৰ কাৰণে তুমি পথভ্ৰষ্ট নহোৱা, কাৰণ "ধনৰ মোহ সকলো অমঙ্গলৰ মূল"।
গতিকে, তুমি ভালদৰে জীয়াই থাকিবলৈ আৰু তোমাৰ পথ শুভ হ’বলৈ, পিতৃয়ে বাইবেলত স্থাপন কৰা নীতি-নিয়ম অনুসৰি চলিবা। ঈশ্বৰক সকলোতকৈ অধিক ভাল পোৱা, তেওঁক তোমাৰ জীৱনত প্ৰথম স্থান দিয়া, আৰু তেওঁ তোমাত সন্তুষ্ট হ’ব, তোমাৰ সকলো কামত আশীৰ্বাদ কৰিব, মানুহৰ অনুগ্ৰহ লাভ কৰিবা আৰু তেওঁৰ অনুগ্ৰহ তোমাৰ লগত সদায় থাকিব।
দ্বিতীয় বিবৰণ ৮.১৮: তুমি তোমাৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিবা; কাৰণ তোমাৰ পূর্বপুৰুষসকলৰ আগত যি নিয়ম তেওঁ শপত কৰিছিল, সেই নিয়ম স্থিৰ কৰিবলৈ আৰু আজিৰ দৰে তোমাক ধনৱান কৰিবলৈ তেৱেঁই তোমাক শক্তি দিয়ে।
যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা। তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা; তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব। কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা। তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।
মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”
সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া। কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷ তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত। আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক।
এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,
কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল। যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য। কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়। ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।
মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়। ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে; কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে। সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।
যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব।
যিহোৱাই আপোনালোকৰ ভঁৰালবোৰত, আৰু যি কার্যত আপোনালোকে হাত দিব, সেই সকলোৰে ওপৰত আশীৰ্ব্বাদ পৰিবলৈ আজ্ঞা দিব; আপোনালোকক যি দেশ দিব, তাত তেওঁ আপোনালোকক আশীৰ্ব্বাদ কৰিব।
কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা। এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব।
আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই। এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব। কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।” খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
তেতিয়া মই তেওঁলোকক উত্তৰ দি ক’লো, “স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্ম্মাণ কাৰ্য কৰিম। কিন্তু যিৰূচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই আৰু যিৰূচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়। দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব। তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল।
ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে; তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে। মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যিজনে তোমাক কৃতকার্য হবলৈ শিকাই, তোমালোকৰ যাবলগীয়া পথত যিজনে চলাই নিয়ে।
কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব। তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব। যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব। আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব। যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে, আৰু দেৱতাবোৰৰ সেৱাপূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি আপোনালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে আপোনালোকে সেই আশীর্বাদ পাব। কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব। আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে শাও পাব। আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব। আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব। ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে শাও পাব। আপোনালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব।
যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক। যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।
তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব। কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।
চোৱা, তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাব সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে। “মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ; ই তেন্তে কি অৰ্থহীন নেকি?
যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া। তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।
সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল; আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷
কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক। প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।
কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব। যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।
যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।
যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব। তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।
চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব; আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, তেওঁৰ সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা আৰু সেই সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হ’বা,
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।