আমি ভাবোঁ যে, আমাৰ ধন-সম্পত্তি থাকিলেহে আমি সুখী হ’ব পাৰিম। কিন্তু ঈশ্বৰৰ বাক্যত এনেকুৱা কথা কোৱা নাই। আমাৰ ধৰ্মগ্ৰন্থত অব্ৰাহাম আৰু চলোমনৰ দৰে ধাৰ্মিক আৰু ধনী ব্যক্তিৰ কথা আছে, লগতে নাবলৰ দৰে অধাৰ্মিক ধনী ব্যক্তিৰ কথাও আছে (১ চমূৱেল ২৫:২-৩৬)। খ্ৰীষ্টও বিলাস-ব্যসনত জীৱন কটোৱা নাছিল, তথাপি তেওঁৰ সকলো প্ৰয়োজন পূৰণ হৈছিল।
ধৰ্মশাস্ত্ৰত কোৱা হৈছে, "কিয়নো আমি এই জগতলৈ একো আনি নাই, আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰিম। এতেকে আমাৰ খোৱা-পিন্ধা থাকিলে, আমি তাতেই সন্তুষ্ট থাকিম। কিয়নো ধনী হ’বলৈ ইচ্ছা কৰা সকল পৰীক্ষা, ফান্দ আৰু বহুতো মূৰ্খ আৰু অপকাৰী কামনাৰ মাজত পৰে, যিবোৰে মানুহক ধ্বংস আৰু বিনাশৰ মাজলৈ লৈ যায়; কিয়নো সকলো অমঙ্গলৰ মূল ধনৰ প্ৰেম; ইয়াক লোভ কৰি কিছুমানে বিশ্বাসৰ পৰা ভ্ৰষ্ট হৈছে আৰু বহুতো দুখত নিজকে আঘাত কৰিছে।" (১ তীমথিয় ৬:৭-১০) জীৱনৰ আন আন দিশৰ দৰেই আমি যদি আমাৰ আৰ্থিক দিশটোতো ঈশ্বৰক সন্মান কৰোঁ, তেন্তে তেওঁৰ আজ্ঞা পালন কৰি আমি আশীৰ্বাদ আৰু শান্তি লাভ কৰিম আৰু আনৰ লৈ ভাল ব্যৱহাৰ কৰিব পাৰিম।
কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”
ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”।
কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?
ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।
ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক। এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক। এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”
তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।
অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত।
কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।
তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা; তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে। তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।
অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া। কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।
মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছোঁ?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা। তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে।
পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে। তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব। কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব। সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব। এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা; কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম। আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব। তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা। কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব। তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা। কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে। যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা। তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক। এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব। সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব। তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব। তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷ পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব। তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব। কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।” পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “ডিমৰু আদি সকলো গছ চোৱা; তাতে তেওঁ ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে। সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা। সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব। স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব। কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা। কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব। কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷” সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল। সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল। কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য। কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব। কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক। কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব। অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব।
কাৰণ, আপোনালোক যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলে। এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুৱলি থৈ দিব।
আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব। যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে,
আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।
তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা। এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে। আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷ আনকি তেওঁৰ শস্যৰ, দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰ-ছাগৰ জাকৰ বাবে গঁৰাল যুগুত কৰিলে। লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু ষাঁড়-গৰু, মেৰ-ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল।
তেওঁলোকৰ পথাৰ, দ্ৰাক্ষাবাৰী, জিত গছৰ বাৰী, ঘৰবোৰ, আৰু তেওঁলোকৰ পৰা আদায় কৰা ধন, শস্য, নতুন দ্ৰাক্ষাৰস আৰু তেল যিবোৰ আপোনালোকে দাবী কৰি লৈছিল সেই সকলো আজিয়েই তেওঁলোকক ওভটাই দিয়ক।”
হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা। সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই, তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে। দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়। যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা। যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা, আৰু নিজৰ বাবে মুকলি ঠাইত সকলো বস্তু যুগুত কৰা, আৰু তাৰ পাছতহে তোমাৰ গৃহ নিৰ্মাণ কৰা।
তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা, কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।
কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে, জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাইৰ নিচিনা; তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়। তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে। তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে। সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে। কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাত খান্দি প্ৰভুৰ ধন লুকাই থ’লে। বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে। তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল। তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ’। প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’ পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলোঁ’। তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’। পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়; সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’। কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা; তেনেহলে ধন ভৰালীৰ ওচৰত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া। কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব। কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে; এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।’
সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷ কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”
কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে? তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব, তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?” ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷ এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব? যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেনেহলে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷
কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা৷”
যেতিয়া লোক সকলে এইবোৰ কথা শুনি আছিল, তেতিয়া তেওঁ যিৰূচালেমৰ ওচৰ পোৱাত আৰু ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হ’ব বুলি তেওঁলোকে ভাবি থকাত, তেওঁ পুনৰ এটা কথা দৃষ্টান্ত দি ক’বলৈ ধৰিলে, “এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে। তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা ৰূপ দি ক’লে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’ কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’। তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক শুধিব ধৰিলে৷ তেতিয়া প্ৰথম জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’। তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’। পাছত দ্বিতীয় জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’। তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’। সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল। আৰু আন এজন দাসে আহি ক’লে, ‘হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক, কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ’। ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি; তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হ’লে, মই আহি সুতে সৈতে তাক উলিয়াই ললোহেঁতেন’? পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ ক’লে, ‘ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া’। তেতিয়া তেওঁলোকে তেওঁক ক’লে, ‘হে প্ৰভু, তাৰ দহ মিনা আছেই’। ‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব। কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”
আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে। আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল। পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব। প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব; এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ। মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক; আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে৷ আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱাকৰ্ম কৰক।
আমি আপোনালোকক পুণৰ পৰামর্শ দিওঁ যে, আপোনালোকে শান্তিপূর্ণ জীৱন কটোৱাৰ বাবে আপ্রাণ চেষ্টা কৰক; আমি দিয়া আজ্ঞা অনুসাৰে নিজৰ কার্যত মনোযোগ দিয়ক, নিজ হাতেৰে পৰিশ্রম কৰিবলৈ ইচ্ছা কৰক। আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷ তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত। আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক।
আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পুৰণ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে, আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা”; কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ?
শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম; কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷ তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”
এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক। হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব। চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু। কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক। আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক। কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক; তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব। এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট। এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল। পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে, আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল। তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷ আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু স্ৱ-ইচ্ছাৰে কৰক, কিন্তু অসৎ ধনৰ বাবে নহয়৷ যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা। এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷
আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা। এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ। তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল।