67 অধ্যায় প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত, সঙ্গীত।1 হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। 2 গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। 3 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক। 4 জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা] 5 হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। 6 পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব। 7 ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব। |
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Bridge Connectivity Solutions Pvt. Ltd.