অনলাইন বাইবেল

বিজ্ঞাপন

গোটেই বাইবেলখন অ.টি. নতুন নিয়ম


গীত 54 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 54

54 অধ্যায় প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, “দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে” - এইয়া সেই সময়ৰ ৰচিত গীত।

1 হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।

2 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।

3 কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

4 কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।

5 তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

6 মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।

7 কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

Creative Commons License

Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

Bridge Connectivity Solutions Pvt. Ltd.