তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে,
ৰূথ 4:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক। |
তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে,
তেওঁলোকে ৰিবেকাক আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “হে আমাৰ ভনী, তুমি অযুত অযুত লোকৰ আদি-মাতৃ হোৱাগৈ, আৰু তোমাৰ বংশই তোমাক ঘৃণা কৰা লোকসকলৰ নগৰৰ দুৱাৰবোৰ অধিকাৰ কৰক।”
ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?”
লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু তাৰ নাম থলে ৰূবেণ [পুত্ৰক চোৱা]; কিয়নো তেওঁ ক’লে, “যিহোৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব।”
লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।
পাছত ঈজেবলে আহাবৰ নামেৰে পত্ৰ লিখি তেওঁৰ মোহৰেৰে মোহৰ মাৰি, নাবোতৰ নগৰত বাস কৰা বৃদ্ধ লোকসকললৈ, তেওঁৰ সৈতে সভাত বহা প্ৰধান লোকসকল আৰু তেওঁৰ ওচৰ-চুবুৰীয়া সকলৰ ওচৰলৈ সেই পত্ৰবোৰ পঠিয়াই দিলে।
জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’”
কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোকসকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিবলগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়।”
তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।”
সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।