তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;
ৰূথ 3:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম? |
তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;
তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়।
সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
এইদৰে যৱ ধান আৰু ঘেহুঁ ধান দাই শেষ নকৰালৈকে তেওঁ ধান বুটলি বোৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে।
তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত যৱ ধান জাৰি আছে।