দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
হ্গ্গ 2:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া হগ্গয়ে উত্তৰ দি ক’লে, “যিহোৱাই কৈছে, মোৰ আগত এই লোকসকল আৰু এই দেশ তেনেকুৱা, আৰু তেওঁলোকৰ হাতৰ সকলো কাৰ্যও তেনেকুৱা। তেওঁলোকে মোলৈ যি উৎসৰ্গ কৰে, সেইবোৰ অশুচি। |
দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব; তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব; তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব; সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব; কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব, কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।
নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।
কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক।