তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।
হিতো 9:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব। |
তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।
পাছত ৰজা দায়ুদ ক’লে, “চাদোক পুৰোহিতক, নাথন ভাববাদীক আৰু যিহোয়াদাৰ পুত্ৰ বনায়াক মোৰ ওচৰলৈ মাতি আনা৷” তেতিয়া তেওঁলোক ৰজাৰ ওচৰলৈ আহিল।
এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।
নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।
কিন্তু লোকসকল মনে মনে থাকিল আৰু উত্তৰ নিদিলে; কাৰণ ৰজাৰ আজ্ঞা আছিল, “তেওঁক উত্তৰ নিদিবা।”
তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।