হিতো 9:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।” |
যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।
যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
প্রত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।
আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।