হিতো 8:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল। |
ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷