হিতো 8:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি। |
সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।
পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে আপোনালোকে ক’ব, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”