মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
হিতো 6:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক। |
মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাঁড়ৰ দৰে।
যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।
কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷