পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে।
হিতো 30:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব। |
পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে।
তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’
আপোনালোকৰ মৃত শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিবীৰ জীৱ-জন্তুবোৰৰ আহাৰ হ’ব; সেইবোৰক খেদাবলৈ কোনো নাথাকিব।
পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”