ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
হিতো 3:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়। |
ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।
কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।
শোক কৰাৰ নিচিনা, কিন্তু সদায় আনন্দিত; দৰিদ্ৰৰ নিচিনা, কিন্তু অনেকক ধনৱন্ত কৰোঁতা; একো নথকাৰ নিচিনা, কিন্তু আমাৰ সকলো আছে।
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।