হিতো 29:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়। |
তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিকচিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।
তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল, আৰু মুৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল।