তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
হিতো 28:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পক্ষপাত কৰা ভাল নহয়; কিন্তু এডোখৰ ৰুটিৰ বাবেও মানুহে ভুল কৰে। |
তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
তোমালোকে ভেটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্মিক সকলৰ কথা বিপথগামী কৰে।
মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।
যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে; তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।
ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্তাই ধন খোজে, বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।