তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।
হিতো 26:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী। |
তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।
নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে? নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম?
আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।
আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”