হিতো 24:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই, আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব। |
দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়? কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;
এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।