হিতো 23:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই, তেওঁলোকে মোক প্ৰহাৰ কৰিলে, কিন্তু মই অনুভব কৰা নাই। মই যেতিয়া সাৰ পাম? তেতিয়া মই পুনৰ দ্রাক্ষাৰস পান কৰিম।” |
কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”
তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।”
“মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।
এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
তেওঁলোকৰ ক্ষেত্রত এই প্রবাদ সত্য হৈছে, “কুকুৰে নিজৰ বমিলৈ ঘূৰে আৰু গাহৰিক ধুউৱা হলেও সি বোকালৈকে আকৌ উলটি যায়।”