হিতো 23:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব। |
যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূন্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম।
যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’