তাৰ উপৰিও ৰজাৰ দাসবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ূদক এই বুলি আশীৰ্ব্বাদ কৰিলে যে, ‘আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈয়ো চলোমনৰ নাম মহান কৰক আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈয়ো মহৎ কৰক৷’ তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে।
হিতো 22:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম। |
তাৰ উপৰিও ৰজাৰ দাসবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ূদক এই বুলি আশীৰ্ব্বাদ কৰিলে যে, ‘আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈয়ো চলোমনৰ নাম মহান কৰক আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈয়ো মহৎ কৰক৷’ তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে।
সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”
সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৌৰণেৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷