অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




হিতো 21:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে।

অধ্যায়টো চাওক



হিতো 21:14
8 পৰস্পৰ সংযোগসমূহ  

তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”


তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।


ন্যায়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে।


দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে; যি ফালেই তেওঁ যায়, সেই ফালেই তেওঁ সফল হয়।


মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।


অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।


সেয়ে দায়ূদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক’লে, “তুমি শান্তিৰে ঘৰলৈ যোৱা; মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ।”