হিতো 19:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব। |
নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা; তোমাৰ চকু মেলা, আৰু তোমাৰ প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব।
কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।
তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।
কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।”
কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো গ্ৰহন নকৰক, এই বুলি আপোনালোকৰ মাজত থাকোতেই, আমি আপোনালোকক আদেশ দিছিলোঁ।