তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”
হিতো 18:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়। |
তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”
যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অাপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে।
তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।
“তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
যিচয়ে এটা গাধৰ পিঠিত পিঠা, এক বটল দ্ৰাক্ষাৰস, আৰু এটা ছাগলী পোৱালি বোজাই দি তেওঁৰ পুত্ৰ দায়ূদৰ হাতত দিলে আৰু তেওঁক চৌলৰ ওচৰলৈ পঠাই দিলে।
আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে।