কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল।
হিতো 16:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে। |
কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল।
ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে। নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনাৰ শক্তি নাই।
“কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”