হিতো 16:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল। |
যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।
বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাইৰ নিচিনা; তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।