হিতো 16:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম। |
প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে, জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?